Local, Vocal, Global

Daily Horoscope for 26th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। দূৰণিবটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব।

বৃষ ৰাশি : অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ’ব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে।

মিথুন ৰাশি : ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে।ইয়াক আপুনি অৱহেলা নকৰিব ,বিশেষ কৈ যেতিয়া আপুনি দুৰ্বলো অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব।

কৰ্কট ৰাশি : ধ্যান কৰিলে শান্তি লাভ কৰিব। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব।

সিংহ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব।

কন্যা ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত।বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

তুলা ৰাশি : আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। সৰু ল’ৰা -ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব।

বৃশ্চিক ৰাশি : কিছুদিনৰ পৰা হৈ থকা ঘটনা বোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব, শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে।

ধনু ৰাশি : আনন্দিত হৈ যাওক কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব ,আপোনাৰ ব্যস্ত দিনযোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে -কামে লাগি দিয়ক, ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আতৰ কৰিব। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে।

মকৰ ৰাশি : আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাৱি লওক।

কুম্ভ ৰাশি : আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব।আত্ম বিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব,কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিল হে হ’ব,লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ’ব। আত্ম বিশ্বাসক পুনৰাই ঘুৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাহিঁ মুখে কৰক।আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে।

মীন ৰাশি : বেমাৰ আপোনাৰ মন বেয়া হোৱাৰ এটা কাৰণ হব পাৰে। আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ এটা বনাবলৈ অতি সোনকালে ইয়াৰ পৰা বাহিৰ হওক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব।