Elephant menace in Rangapara: বাগিচাৰ মাজেৰে পাৰ হ’ল হাতীৰ জাক
জামুগুৰিহাট,২৫নৱেম্বৰ : খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Rangapara)।
খাদ্যৰ সন্ধানত ৰঙাপৰাত প্ৰৱেশ বন্যহস্তীৰ বৃহৎ জাক৷ বন্যহস্তীৰ জাকটোত আছে কণ কণ পোৱালী ৷
বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকটোৱে ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত দিনৰ ভাগত মুক্ত বিচৰণ কৰে যাৰ ফলত শংকিত হৈ পৰে বাগিচাখনৰ শ্ৰমিক ৰাইজ ৷
প্ৰায় ২৭ জনীয়া বৃহৎ জাকটো বাগিচাত বিচৰণ কৰে অঞ্চলজুৰি৷
বাগিচাৰ মাজেৰে পাৰ যায় হাতীৰ জাকটো ৷ ইফালে বন্যহস্তীৰ বৃহৎ জাকটো খেদি পঠিয়াবলৈ বাগিচাখনত উপস্থিত হয় বন বিভাগৰ লোক৷ বন বিভাগে জাকটো বাগিচা খনৰ পৰা বনাঞ্চললৈ খেদি লৈ যোৱাৰ চেষ্টা চলায় যদিও একাংশ লোকে জাকটো আগফালৰ পৰা আগুচি ধৰাত বহু অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয় ৷ জাকটো খেদি নিয়াৰ চেষ্টা চলায় যদিও আমাৰীবাৰী সেনা চাউনিৰ সন্মূখৰ হাবিত সোমাই পৰে ৷
খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকটো সোণাই-ৰূপাই অভয়াৰণ্য পৰা ওলায় অহা বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক :Illegal Liquor seized in Bokajan: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা