Local, Vocal, Global

Actress Amrita Gogoi: হোটেলৰ কোঠাত কি হৈছিল অভিনেত্ৰী অমৃতা গগৈৰ লগত

নিউজ ডেস্ক,২৫নৱেম্বৰ : নগাঁৱলৈ ৰাসত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল অভিনেত্ৰী অমৃতা গগৈ।

ঘটনা বিৱৰণি অনুসৰি,ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ নগাঁৱত গৈছিল অভিনেত্ৰী অমৃতা গগৈ। কমিটীৰ মানুহে নগাঁও বাইপাছৰ উৰিয়ামঘাটৰ চ’কৰ ‘চানযুক্তি’ নামৰ হোটেলখনলৈ লৈ যায় অভিনেত্ৰীগৰাকীক। হোটেলখনৰ ৩০৪ নম্বৰ ৰূমটোত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল অভিনেত্ৰী অমৃতা গগৈক। অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱী।ৰাসৰ অনুষ্ঠানৰ দিনা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিশা প্ৰায় ২ বজাত হোটেলখনলৈ ঘূৰি আহে অভিনেত্ৰী অমৃতা গগৈ আৰু তেঁওৰ বান্ধৱী। ৰাস কমিটীৰ দুজন কৰ্মকৰ্তাই হোটেলখনত থৈ গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীক প্ৰাপ্য ধন আদায় দি গুচি যায় ৰাস কমিটীৰ কৰ্মকৰ্তা দুগৰাকী(Actress Amrita Gogoi)।

তাৰ পিছতেই অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে খাদ্য গ্ৰহণ কৰি নিশা প্ৰায় ৩ বজাত শুবলৈ যায়। কিন্তু পুৱা প্ৰায় ৫ বজাত কিবা এটা শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে। দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে। একে জাঁপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিলে অমৃতা গগৈয়ে। দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে। দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহ’ল টোৰে বাহিৰলৈ চাওতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে।

লগে-লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকী হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক’লে। কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক। শ্বেয়াৰ কৰিছিল মোবাইল নম্বৰ। ৫:২৪ বজাত, ৫:২৬ বজাত আৰু ৫:২৭ বজাত তিনিবাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ’ল। কিন্তু ফোন ৰিছিভ নকৰিলে হোটেলৰ মালিকে। লগে লগে ফোন কৰিলে ৰাস কমিটীৰ সম্পাদকলৈ। ফোনতে জনোৱা হ’ল সমগ্ৰ ঘটনা। উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুয়োগৰাকী অভিনেত্ৰীয়ে। লগ লগে আঁতৰি গ’ল যুৱকজন। কিন্তু কিছুসময় পিছতে দেখে যে সেই একেজনেই যুৱক মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখেৰে অহা যোৱা কৰি থাকিল।

কিছুসময় পিছতে হোটেলখনত উপস্থিত হ’ল ৰাস কমিটীৰ সম্পাদক। সৌভাগ্যক্ৰমে ভয়ংকৰ এক ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী। কিন্তু অতি ৰহস্যজনক কথাটো হ’ল যে হোটেলৰ মালিকক সকলো কথা জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ। হোটেলখনত নাছিল CCTVৰ ব্যৱস্থা।

লগতে পঢ়ক :Wild elephant dies in Lanka:লংকাৰ হাবাইপুৰত ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ