Local, Vocal, Global

Illegal Sand Mining :ডিব্ৰুগড় জিলাৰ জকাই খামটিঘাটত চলিছে অবৈধ বালি পলস খনন;নিমাত বন বিভাগ

ডিব্ৰুগড়,২৪নৱেম্বৰ : কাৰ চত্ৰছায়াত চলিছে অবৈধ বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে বালিৰ খনন । দিনে নিশাই ড্ৰেজাৰ মেচিন, ফক লেনেৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে শিল, বালি । বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Sand Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই বালিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট। বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা ।

ডিব্ৰুগড় জিলৰ জকাই খামটিঘাটত চলিছে অবৈধ বালি -পলস খনন। খামটিঘাট উন্নয়ন সমিতিৰ তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত এটা বছৰত কেইবাটাও চৰ-চাপৰি নি:শেষ কৰি খনন কৰা পাছতো বন বিভাগ নিমাত। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লগতে নতুনকৈ নিৰ্মাণ হবলগীয়া আয়ুৰ্বেদিক চিকিৎসালয়ৰ চৌহদৰ বাবেও আহিছে ভাবুকি।ঠিকাদাৰ লিয়ন বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

লগতে পঢ়ক :Manoj Payaria’s body recovered six days after Dinjan boat tragedy: অৱশেষত উদ্ধাৰ হ’ল মনোজ পৰইয়াৰ মৃতদেহ