Raas Mahotsav 2024: জাগীৰোডত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন
জাগীৰোড,২৪নৱেম্বৰ : উখল মাখল পৰিৱেশেৰে জাগীৰোডত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ ৷ তাৰ মাজতে এক ব্যতিক্ৰমী ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে জাগীৰোডত(Raas Mahotsav 2024)৷
বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বৃহত্তৰ জাগীৰোড সাৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই ৰাস মহোৎসৱত গোপীৰ ভাৱত অংশ ল’লে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে বিহাৰী, মাৰোৱাৰী, নেপালী, বঙালীৰ আৰু মুছলমান যুৱতীয়েও ৷
এক উখল মাখল পৰিৱেশৰ মাজত জাগীৰোডৰ মাজমজিয়াত আয়োজন কৰা এই ব্যতিক্ৰমী ৰাস মহোৎসৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
উল্লেখ্য যে, বৃহত্তৰ জাগীৰোড সাৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিত জড়িত হৈ আছে অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক৷
লগতে পঢ়ক:Birth Anniversary of Lachit Borphukan:জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী