Local, Vocal, Global

Birth Anniversary of Lachit Borphukan:জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী

নিউজ ডেস্ক,২৪নৱেম্বৰ: আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।

অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন। তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়(Birth Anniversary of Lachit Borphukan)।

১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও জিলিকি আছে।

শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ ঐতিহ্যমণ্ডিত লাচিত মৈদামত লাচিত দিৱস উপলক্ষে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী।টীয়কৰ লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে জাতীয় বীৰজনাক সোঁৱৰি আয়োজন কৰিছে লাচিত দিৱস।

লগতে পঢ়ক:Road Accident in Jorhat :বালি ভৰ্তি ট্ৰাকে মহতিয়াই নিলে অটো;আহত ৬জন