Local, Vocal, Global

Jamugurihat News: চতিয়াৰ চেঙামাৰীত ৩০ তম পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত

জামুগুৰিহাট,২১নৱেম্বৰ : চতিয়াৰ এন,চি চেঙামাৰী খেলপথাৰত আজিৰে পৰা ৩০ তম পূৱ নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে৷সাৰ্বজনীন ৰাস উদযাপন সমিটি খনে অঞ্চলটোৰ বিভিন্ন ভাষা ভাষী, জাতি ধৰ্ম্মালম্বী ৰাইজৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় আৰু ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টাৰে বিগত বৰ্ষ সমুহত অনুষ্ঠিত কৰি অহা পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ ভাগ এইবাৰ ৩০ তম বৰ্ষ হিচাবে জাকত জিলিকাকৈ উদযাপনৰ আয়োজন কৰিছে৷

এই উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত শ্ৰীকৃষ্ণৰ শিশু লীলা আৰু গুৰুজনাৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন “কেলিগোপাল” নাট ভাগ মঞ্চস্হ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ যাৰ বাবে যুৱক যুৱতী শিশু কিশোৰ সকলোৱে বিগত এমাহ ধৰি আখৰাত ব্যস্ত হৈ থাকি বুধবাৰৰ সন্ধিয়া অন্তিম আখৰাত ব্যস্ত হোৱা দেখা যায়(Jamugurihat News)৷

৩০ তম পূৱ নাগশংকৰ কেন্দ্ৰীয় সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ আজি সন্ধিয়া ৭বজাত “শ্ৰীকৃষ্ণৰ শিশু লীলা নাট আৰু মহা ৰাস” শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী ধৰ্ম্মপ্ৰাণ ব্যক্তি জচবীৰ সিঙে৷

এই ৰাস ভাওনাৰ মুখ্য আকৰ্ষণ হ’ব জনপ্ৰিয় অভিনেত্ৰী ‘তৃপ্তিৰাণী’ৰ দ্বাৰা ৰাধাৰ ভাৱত অভিনয় প্ৰদৰ্শন৷ শুক্ৰবাৰে সন্ধিয়া ৭বজাত শ্ৰীকৃষ্ণৰ শিশু লীলা নাট আৰু মহা ৰাসৰ শুভ উদ্বোধন কৰিব বিশ্বনাথ জিলা আয়ুক্ত মুণিন্দ্ৰ ঙাটেই ৷ ৰাস ভানাৰ মূখ্য আকৰ্ষণ হ’ব অসমৰ জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী ‘ৰিছা ভৰদ্বাজ’ৰ দ্বাৰা ৰাধাৰ ভাৱত অভিনয় প্ৰদৰ্শন৷ যাৰ বাবে পূ্ঁৱ নাগশংকৰ কেন্দ্ৰীয় সাৰ্ব্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি খনৰ বিষয়ববিয়া সদস্য সকলে ৰাস মহোৎৱ থলিত বৃন্দাবন সদৃশ পৰিবেশ সৃষ্টি কৰাৰ প্ৰয়াস অব্যাহত ৰাখি মৃন্ময় মূৰ্তি সমুহকো সজাই পৰাই তোলা পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক :Royal Bengal Tiger terror :অৱশেষত পিঞ্জৰাবদ্ধ হ’ল ঢেঁকীয়াপতীয়া