Sensational incident: ফাদিল হৈছে ৰমেনা হত্যাৰ ন ন তথ্য
নিউজ ডেস্ক,২০নৱেম্বৰ : ধুবুৰীৰ বিলাসীপাৰাৰ টোকৰাবান্ধাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ক্ষিপ্ৰ গতিত চলিছে তদন্ত। গাঁত খান্দি মৃতদেহ উলিয়াই অনাৰ পিছতে তদন্তত ফাদিল হৈছে ৰমেনা হত্যাৰ ন ন তথ্য। প্ৰতিটো তথ্যই খুলিছে ৰহস্যৰ নতুন নতুন পাক। ভায়েকৰ সৈতে মিলি খোদ স্বামীয়ে হত্যা কৰিছিল ৰমেনা খাতুনক। পলাতক ৰফিকুলক বিচাৰি চলিছে আৰক্ষীৰ জোৰদাৰ অভিযান।
উল্লেখযোগ্য যে, বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত সোমবাৰে আৰক্ষীয়ে গাঁত খান্দি উলিয়াইছিল ৰমেনা খাতুন নামৰ মহিলাগৰাকীৰ অৰ্ধগলিত মৃতদেহ। প্ৰাথমিক তদন্ততে আৰক্ষীয়ে সন্দেহ কৰিছিল, স্বামী ৰফিকুল ইছলামেই এমাহ পূৰ্বে হত্যা কৰিছিল ৰমেনাক। হত্যাকাণ্ডৰ দায়ৰ পৰা সাৰিবলৈ ৰমেনাক হত্যা কৰি আৰক্ষীক নিখোজ হোৱাৰ অভিযোগ দিছিল খোদ স্বামী ৰফিকুলে। পিছে তদন্তৰ গভীৰতালৈ গৈ ৰমেনাৰ হত্যাকাণ্ডত স্বামী ৰফিকুল ইছলাম জড়িত থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে । কিয়নো টকা আৰু নাৰীৰ প্ৰতি ৰফিকুলৰ আছিল তীব্ৰ আসক্তি। নাৰীৰ প্ৰতি দুৰ্বলতা থকা বাবেই চাৰিবাৰকৈ বিয়া পাতিছিল ৰফিকুলে । আনহাতে ৰফিকুলতকৈ কোনো গুণে কম নাছিল ৰমেনা খাতুনো । ৰমেনাৰ বাবে ৰফিকুলো আছিল চতুৰ্থজন স্বামী(Sensational incident)।
এই হত্যাক লৈ মঙলবাৰে ৰফিকুলৰ দ্বিতীয়া পত্নীকো থানাত সোধাপোছা কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ৰফিকুলৰ দ্বিতীয়া পত্নীয়েও সদৰী কৰিলে ধনৰ প্ৰতি থকা ৰফিকুলৰ দুৰ্বাৰ লালসাৰ কথা। টকাৰ বাবে দ্বিতীয়া পত্নীকো প্ৰায়ে মাৰ-ধৰ কৰিছিল ৰফিকুলে। ৰফিকুল-ৰমেনা জড়িত হৈ পৰিছিল এক লটাৰী খেলত। গুৱাহাটীত ৰমেনা আৰু ৰফিকুলে মহিলা গোটৰ মাজত লটাৰী খেল পাতি সংগ্ৰহ কৰিছিল কেইবা লক্ষাধিক টকা। এই লটাৰী খেলে কাল হৈ পৰিছিল ৰমেনাৰ জীৱনৰ বাবে। ইতিমধ্যে বিলাসীপাৰাৰ পৰা ৰমেনাৰ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটীত মঙলবাৰে সম্পন্ন কৰা হয় মৰণোত্তৰ পৰীক্ষা। সম্প্ৰতি পলাতক হৈ আছে আব্দুল আৰু ৰফিকুল। ৰফিকুলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ভৰলুমুখ আৰক্ষীয়ে।
লগতে পঢ়ক:কিয় মন্ত্ৰী পীষুয হাজৰিকাৰ লগত ঘনিষ্ঠ বুলি চিনাকি দালালৰ ?কোনে ৰক্ষনা বেক্ষনা দিছে দালালক