Local, Vocal, Global

Tiger terror in Kaliabor: কলিয়াবৰত বাঘৰ সন্ত্ৰাস; প্ৰশাসনে জাৰী কৰিলে সতৰ্কতা

নিউজ ডেস্ক,১৯নৱেম্বৰ : কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস।কলিয়াবৰত সোমবাৰে নিশা বনৰজা আৰু বন্যহস্তীক লৈ আতংকৰ সৃষ্টি হয়। বৰভকতি আৰু ঢেকীয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাসত আতংকিত ৰাইজে কটাইছে বিনীদ্ৰ ৰজনী।সেয়েহে নিশা বন বিভাগে বাঘ খেদা অভিযান আৰম্ভ কৰে(Tiger terror in Kaliabor)।

ইফালে নিশাই সোণাৰী গাঁৱত দুটাকৈ বন্যহস্তীৰ বিচৰণ কৰে । নিশা বন বিভাগৰ লগতে জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ বাঘ, হাতী খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখে ।

তদুপৰি বাঘৰ সন্ত্ৰাসৰ বাবে কলিয়াবৰ সম-জিলাত প্ৰশাসনে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা । কলিয়াবৰৰ কলং সূঁতিৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই বিএনএছএছ, ২০২৩ৰ ১৬৩ ধাৰাত নিষেধাজ্ঞা জাৰি কৰিছে ।

জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নিৰ্দিষ্ট স্থানত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ প্ৰৱেশ আৰু চলাচলত বাধা আৰোপ কৰা হৈছে । বৰভকতি, মিৰিভেটি, ঢেকিয়াল, কটিয়ৰী, বাণীপুৰ,দেৱসত্ৰ,সৰুভগীয়া আৰু সোণাৰি গাঁৱত জাৰি কৰা হৈছে এই বিশেষ নিষেধাজ্ঞা।

লগতে পঢ়ক:Road Accident in Dibrugarh: ট্ৰেভেলাৰ আৰু অল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ১১জন,নিহত ১জন