Local, Vocal, Global

Jorhat News:যোৰহাটত ভৌগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলা অনা অভিযোগ নস্যাৎ কৰিলে যোৰহাট জিলা আৰক্ষী অধীক্ষকে

নিউজ ডেস্ক,১৯নৱেম্বৰ : সোমবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলত।যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদ মেল যোগে কয় যে,আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ লাভ কৰা নাই । যোৰহাট আৰক্ষীয়ে অংকুৰ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল ।

সেই ড্ৰাগছ সৰবৰাহকাৰীৰ ভাষ্যৰ ভিত্তিত ভোগদৈ আৰক্ষীৰ উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ নেতৃত্বত এটা দল বৰিগাঁৱৰ মহিলাগৰাকীৰ ঘৰত তালাচী চলাবলৈ গৈছিল । এই তালাচী অভিযানৰ সময়তে উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে তেওঁৰ ৩ মহীয়া শিশুটিও আঘাতপ্ৰাপ্ত হোৱাৰ এক অভিযোগ উত্থাপন কৰিছিল(Jorhat News) ।

সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰাৰম্ভিক তদন্তত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে । তালাচীৰ সময়ৰ ভিডিঅ’ ফুটেজত উপ-পৰিদৰ্শকগৰাকীয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰা কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই ।‌ তদুপৰি উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ সপক্ষে দুগৰাকীকৈ সাক্ষী থকাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আনহাতে, এই মহিলাগৰাকীৰ স্বামীও চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত বৰ্তমান ৰঙাঘৰৰ আলহী হৈ আছে । ইফালে, মহিলাগৰাকী নিজেও ২০১৯ চনত ড্ৰাগছৰ বাবে ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছিল বুলি সংবাদমেলত উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, “মহিলাগৰাকীয়ে আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁই বিৰুদ্ধে দিয়া এজাহাৰো বৰ্তমানলৈকৈ পঞ্জীয়ন হোৱা নাই ।”