Local, Vocal, Global

Road Accident in Rangia: ৰাস চাই ঘৰলৈ উভতনিৰ পথত মৰ্মান্তিক দুৰ্ঘটনা,নিহত ১০ বছৰীয়া শিশু

নিউজ ডেস্ক,১৮নৱেম্বৰ : এক শোকাৱহ দুৰ্ঘটনাত নিহত ১০ বছৰীয়া শিশু।

ৰঙিয়াৰ তৰণীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনাত। ৰাস চাই ঘৰলৈ উভতনিৰ পথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে,দেওবাৰে নিশা প্ৰায় নিশা ২ বজাত ৰাস চাই উভতি আহিছিল মাতৃ-কন্যা। তেনে সময়তে তিনি যুৱকে বাইকেৰে মাৰিছিল প্ৰচণ্ড খুন্দা মাৰে মাতৃ-কন্যাক। বাইকৰ প্ৰচণ্ড খুন্দাত ঢলি পৰিছিল কন্যাসহ মাতৃ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় কন্য়াৰ।নিহত ১০ বছৰীয়া ৰিম্পী কলিতা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুটিৰ মাতৃ কবিতা কলিতা বুলি জানিব পৰা গৈছে(Road Accident in Rangia)।

জানিব পৰা মতে যুৱক তিনিজনৰ দুজন নলবাৰীৰ, এজন ৰঙিয়াৰ। যুৱক তিনিজনে সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক :Road Accident in Charaideo: চৰাইদেউৰ চফ্ৰাইত ভয়াবহ পথ দুৰ্ঘটনা