Local, Vocal, Global

Road Accident in Charaideo: চৰাইদেউৰ চফ্ৰাইত ভয়াবহ পথ দুৰ্ঘটনা

সোণাৰী,১৮নৱেম্বৰ: চৰাইদেউৰ চফ্ৰাইত ভয়াবহ পথ দুৰ্ঘটনা।দেওবাৰে নিশা চৰাইদেউ জিলাৰ চফ্ৰাই চেপন ফিডাৰ পথত সংঘটিত হয় বাইক দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন যুৱক। আহত যুৱকজনক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই(Road Accident in Charaideo)।

জানিব পৰা মতে, এ এছ ৩৩ এ ২০১৫ নম্বৰৰ বাইকখন চফ্ৰাইৰ পৰা সোণাৰিৰ দিশত গৈ থকা অৱস্থাত চফ্ৰাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ কেকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত চফ্ৰাই আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :২০২৬ ত কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং :ৰকিবুল হুছেইন