Domestic violence : পুনৰ যৌতুকৰ বাবে মহিলাক অত্যাচাৰ
নলবাৰী,১৭নৱেম্বৰ : নিকৃষ্ট,অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ ।
ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই।
পুনৰ যৌতুকৰ বাবে মহিলাক অত্যাচাৰ।যৌতুকৰ বাবে স্বামীয়ে হাত ভাঙিলে পত্নীৰ।স্বামী জেহেৰুলে দুয়োখন হাত ভাঙিলে পত্নী ফৰিদা বেগমৰ।
নলবাৰী জিলাৰ ৩ নম্বৰ ভেলামাৰীৰ কৰিম আলী আৰু জমিৰণৰ ডাঙৰ পুত্ৰ জেহেৰুল আলীয়ে সংঘটিত কৰিছে এই বৰ্বৰ ঘটনাটো। জানিব পৰা মতে,শাহু-শহুৰে মিলি যৌতুকৰ বাবে দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আহিছে!
বৰ্তমান ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজি লৈ ন্যায় নাপালে ভুক্তভোগীয়ে । উপায়ন্ত হৈ ভুক্তভোগীয়ে আৰক্ষী অধীক্ষকক দিছে লিখিত অভিযোগ।
লগতে পঢ়ক :Chapar News: চৰকাৰী আঁচনিৰ নামত পুৰুষ মহিলাক ৰামঠগন