Chapar News: চৰকাৰী আঁচনিৰ নামত পুৰুষ মহিলাক ৰামঠগন
চাপৰ,১৭নৱেম্বৰ : স্বচ্চ নিকা আৰু দালালৰাজ নচলা চৰকাৰৰ দিনত কেনেকৈ চলিছে দালালৰাজ। চৰকাৰে নাকি লগাব পাৰিবনে দালালক। ঘটনা চাপৰৰ মৌৱাটাৰীৰ।এইজন দালাল আমিৰ হুছেইন আৰু ৰাজু আলীয়ে অৰুণোদয় আঁচনি নামত দৰিদ্ৰ মহিলাৰ ঠগ প্ৰৱঞ্জনাৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ উঠিছে(Chapar News)।
ধুবুৰীৰ বগৰিবাৰীৰ বাসিন্দা এইজন ৰাজু আৰু চাপৰৰ মৌৱাটাৰীৰ বাসিন্দা এইজন আমিৰ হুছেইন। দুয়ো একেলগে চৰকাৰী আচনিৰ নামত দৰিদ্ৰ মহিলাৰ পৰা লুণ্ঠক কৰিছে টকা। চৰকাৰে অৰুণোদয় আচনিত টকা দিছে ১২৫০ টকা । কিন্তু ৰাজু আৰু আমিৰ হুছেইনে দৰিদ্ৰ মহিলাক দিছে মাত্ৰ ১০০০ টকা। কেৱল এইয়াই নহয় অৰুণোদয় আচনিৰ নামতো বহু টকা সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। উপান্তৰ হৈ নিশা এনেদৰে ভুক্তভোগী মহিলা সকলে আমিৰ হুছেইনৰ ঘৰ ঘেৰাও কৰে।
ইয়াৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্ঠি হয়।এতিয়া প্ৰশ্ন হয় চৰকাৰী আচনিৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰা কোন হয় ৰাজু আৰু আমিৰ হুছেইন। এনেধৰনৰ দালালৰ ওপৰত কেতিয়া ব্যৱস্থা গ্ৰহন কৰিব চৰকাৰে সেইয়া আচল প্ৰশ্ন।
লগতে পঢ়ক :Jagiroad News: চৰকাৰী ভূমিত চকু চৰকাৰী গাঁও প্ৰধানৰ