Local, Vocal, Global

Road Accident in Moirabari: অ’ট ৰিক্সাৰ খুন্দাত নিহত পথচাৰী

মৈৰাবাৰী,১৭নৱেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা ।নিহত এজন ।

মৈৰাবাৰী লাহৰিঘাট গৰকাপ্তানী পথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

মৈৰাবাৰী-লাহৰিঘাট পথৰ হাঁহচৰা বজাৰত পথচাৰীক অ’ট ৰিক্সাই খুন্দিয়াই।অ’ট ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন।আহত লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় যদিও আধা বাটতে মৃত্যু হয় লোকজনৰ।মৃতলোকজন ৰৈচউদ্দীন (৭০) বুলি জানিব পৰ গৈছে(Road Accident in Moirabari)।

এই দুৰ্ঘটনা সংঘঠিত কৰা অ’ট খনৰ নম্বৰ AS 02 DC 8321।বৰ্তমান অ’ট ৰিক্সাখন ভেলৌগুৰি আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়।

লগতে পঢ়ক :Sensational incident: সাংস্কৃতিক অনুষ্ঠানৰ মাজতে ডেগাৰে হানি-খুচি হত্যা যুৱকক