Sensational incident: সাংস্কৃতিক অনুষ্ঠানৰ মাজতে ডেগাৰে হানি-খুচি হত্যা যুৱকক

নিউজ ডেস্ক,১৭নৱেম্বৰ : সাংস্কৃতিক অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা।সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে ডেগাৰে হানি-খুচি হত্যা এজন যুৱকক।
দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলি একাডেমিৰ বাৰ্ষিক অনুষ্ঠান চলি থকাৰ মাজতেই সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো(Sensational incident)৷
খবৰ অনুসৰি, চাম্পুপাৰাৰ ভাউৰিয়াভিটাৰ লুইত হুছেইন নামৰ লোকজনক ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে দুৰ্বৃত্তই। ২০ বছৰীয়া যুৱকজনক নিশা প্ৰায় দহ বজাত সাস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে দুৰ্বৃত্তই খেদি খেদি ডেগাৰেৰে হানি-খুচি হত্যা কৰে৷
গৰৈমাৰী টাউন ক্লাৱ খেল পথাৰত পশ্চিম বংগৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ মৰ্মিতা মিত্ৰৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে দুটা ভৈদৰ মাজত সংঘৰ্ষ হয়।এই সংঘৰ্ষ ইমানে ভয়ংকৰ হয় যে অৱশেষত চূড়ান্ত ৰূপ লয়।
ইফালে হত্যাকাণ্ডৰ জড়িত দুজনৰ ঘৰ জ্বলাই দিলে উত্তেজিত ৰাইজে।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ৷
লগতে পঢ়ক :Assam man Goes Missing In bangalore: পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক