Assam man Goes Missing In bangalore: পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক
ধিং,১৭নৱেম্বৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In bangalore)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ বটদ্ৰৱাৰ হাতীজুজুৱা এজন ব্যক্তি ।
বাংগালুৰৰ গৈ ১ নৱেম্বৰ পৰা নিৰুদ্দেশ হৈ আছে বটদ্ৰৱা হাতীজুজুৱা নুৰুল ইছলাম নামৰ ব্যক্তিজন। নিৰুদ্দেশ হোৱা ব্যক্তি গৰাকীৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ সোচৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই, যাৰ বাবে ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ লগতে জাজৰি আৰক্ষীৰ।
যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ নুৰুল ইছলামৰ সন্ধান পায় তেন্তে 6002709635 আৰু 6000600272 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই ভুক্তভোগী পৰিয়ালটোৱে।