Local, Vocal, Global

National Press Day 2024 :শিৱসাগৰ ই মেডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগতো ব্যতিক্রম ৰূপত উদযাপন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

শিৱসাগৰ,১৬নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ ই মেডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগতো ব্যতিক্রম ৰূপত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিৰ সমীপত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা এই প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শ্বহীদ সাংবাদিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(National Press Day 2024 )।

বাতৰিৰ নামত দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সাংবাদিকসকলৰো আছে সুখ-দুখ, ক্ষোভ আৰু অভাৱ-অভিযোগ। সাংবাদিকসকলৰ বাবে বিশেষ এই দিনটোত শিৱসাগৰৰ সাংবাদিক সকলেও শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠান আদিৰ লগতে প্ৰশাসনিক বিষয়াৰ সন্মুখত সাংবাদিক সকলৰ মৰ্মবেদনাৰ কথা প্ৰকাশ কৰাৰ লগতে সাংবাদিক সকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়।

কাৰ্যসূচীৰ আঁত ধৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথে। অনুষ্ঠানতে শিশুশিল্পী আৰিয়ান বৰাই গীত পৰিৱেশন কৰে। অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দেই অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সাংবাদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি একোটিকৈ উপহাৰ আগবঢ়ায়।

এই প্ৰেছ দিৱসতে সমূহ সাংবাদিকৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ শ্বহীদ সাংবাদিক সকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰা, সাংবাদিকসকলৰ বাবে বেতন নীতি, স্বাস্থ্য নীতি প্ৰৱৰ্তন কৰা আদি বিষয় সামৰি এক স্মাৰকপত্ৰ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হয়।