Local, Vocal, Global

Uttar Pradesh Hospital Tragedy:মেডিকেল কলেজত বিধ্বংসী অগ্নিকাণ্ড;১০টাকৈ নৱজাতক শিশুৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৬নৱেম্বৰ : এক শোকাৱহ ঘটনা৷উত্তৰ প্ৰদেশৰ ঝান্সী মেডিকেল কলেজত বিধ্বংসী অগ্নিকাণ্ড। চিকিৎসালয়খনৰ বেবী ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডৰ ফলত ১০টাকৈ নৱজাতক শিশুৰ মৃত্যু হয় ৷ বৰ্তমান জীৱন-মৃত্যুৰে যুঁজি আছে ১৬টাকৈ শিশু৷

খবৰ অনুসৰি, ৩৭টা শিশুক খিৰিকী ভাঙি উদ্ধাৰ কৰা হয়। এই দুৰ্ঘটনাৰ সময়ত প্ৰায় ৫৪ টা নৱজাত শিশুক NICU ৱাৰ্ডত ভৰ্তি হৈ আছিল(10 Children Killed As Fire Breaks Out At Hospital In UP’s Jhansi)।

বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে । জিলা দণ্ডাধীশকে আদি কৰি প্ৰশাসনৰ বহু শীৰ্ষ বিষয়া ইতিমধ্যে উক্ত স্থানত উপস্থিত হৈ সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে(Uttar Pradesh Hospital Tragedy)৷

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।

এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে খবৰ লৈ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু প্ৰধান সম্পাদকক ঝান্সীলৈ প্ৰেৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ঝাঁসীৰ উপায়ুক্ত আৰু DIG ক দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে । নিৰ্দেশ মতে, এই বিষয়াসকলে ১২ ঘণ্টাৰ ভিতৰতে ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্ঘটনাটো শুকুৰবাৰে প্ৰায় নিশা প্ৰায় ১০:৩০ বজাত শিশু ৱাৰ্ডত ধোঁৱা ওলোৱা দেখি হাস্পতালত থকা মানুহৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ লগে লগে ফায়াৰ এলাৰ্মো বাজে ৷ কিন্তু কোনোবাই বহু সময়লৈকে ধৰিব পৰা নাছিল যে এই জুই ক’ত লাগিছে ৷ পৰৱৰ্তী সময়ত এই বিষয়ে জানিব পাৰে যদিও ইতিমধ্যে বহু শিশুৰ মৃত্যু হয় । ফলত চিকিৎসালয়খনৰ চৌহদত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ মৰ্মে চিকিৎসা মহাবিদ্যালয়খনত উপ মুখ্যমন্ত্ৰী বৃজেশ পাঠক উপস্থিত হয় । তেওঁ জৰুৰীকালীন ৱাৰ্ড আৰু শিশু ৱাৰ্ডত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধ-পোছ কৰে । লগতে তেওঁ সাহায্যৰ পৰিমাণো ঘোষণা কৰে ।

উপ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত শিশুসকলৰ পৰিয়ালক ৫ লাখকৈ টকা দিয়াৰ বিপৰীতে আহত শিশুসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব বুলি কৈছে । আনহাতে, এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিএছপি মুৰব্বী মায়াৱতী আৰু এছপি প্ৰধান অখিলেশ যাদৱেও।

লগতে পঢ়ক :Road Accident in Mukalmua: ই-ৰিক্সা আৰু বুট বিক্ৰী কৰা ৰিক্সাৰ মাজত সংঘৰ্ষ;নিহত এগৰাকী মহিলা, আহত এগৰাকী