Local, Vocal, Global

SC Acquits Ex-ULFA Leader Arup Konwar In Nagen Neog Murder Case:প্ৰাক্তন আলফা সদস্য অমৰ সিঙ ওৰফে অৰূপ কোঁৱৰক দোষমুক্ত

নিউজ ডেস্ক,৭নৱেম্বৰ : প্ৰাক্তন আলফা সদস্য অমৰ সিঙ ওৰফে অৰূপ কোঁৱৰক আজি দিল্লীৰ উচ্চতম ন্যায়ালয়ে দোষমুক্ত কৰিলে।প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ অভিযুক্ত আছিল অমৰ সিঙ ওৰফে অৰূপ কোঁৱৰ।

জানিব পৰা মতে, ১৯৯৬ চনৰ ৬ মে’ৰ দিনা গোলাঘাট জিলাৰ ফৰকাটিঙৰ সমীপৰ শিঙিজানত সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ডৰ ঘটনা । এই হত্যাকাণ্ড সংঘটিত কৰিছিল আলফাৰ প্ৰাক্তন কেদাৰে । হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অমৰ সিঙ ।”তাৰ পিছতেই হত্যাকাণ্ডৰ অভিযোগত কাৰাদণ্ড বিহা হৈছিল অমৰ সিঙক । কিন্তু ২০১৩ বৰ্ষত উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিছিল অভিযুক্ত সিঙক । পুনৰ ২০১৫ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নগেন নেওগৰ পৰিয়াল(SC Acquits Ex-ULFA Leader Arup Konwar In Nagen Neog Murder Case)।

কিন্তু যোৱা ১৭ অক্টোবৰৰ তেওঁক নিজা ঘৰৰ পৰা গোলাঘাট আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা অহা চিবিআইৰ দলে আটক কৰি সদৰ আৰক্ষী থানাত সোধাপোচ কৰাৰ অন্তত উক্ত দিনা নিশা গুৱাহাটীলৈ লৈ যায় যদিও পাছদিনা মুকলি কৰি দিয়ে ।

উল্লেখ্য যে, গোচৰটো ২০১৫ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ পিছত আজি সৰ্বোচ্চ ন্যায়ালয়ে অমৰ সিঙৰ পক্ষত ৰায়দান কৰে বুলি স্বয়ং অমৰ সিঙে জানিবলৈ দি কয়, “এই গোচৰটোত সুদীৰ্ঘ সময় ধৰি অধিবক্তা মণীষ গোস্বামীয়ে যুক্তি দৰ্শাইছিল।

লগতে পঢ়ক :Bilasipara News:বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা