Bilasipara News:বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা
বিলাসীপাৰা,৭নৱেম্বৰ : বিলাসীপাৰাত আকাশৰ পৰা নামি আহিছে আল্লাহৰ ফৰিস্তা।ৰাতি হ’লে ঘৰে ঘৰে লাখে লাখে টকা দিয়ে আল্লাহৰ ফৰেস্তাই।আল্লাহৰ ফৰেস্তাই ৰাতি হ’লে ঘৰৰ পিছফালে পুতি থৈ দিয়ে সোণ।wrong নম্বৰৰ পৰা ফোন কৰি আপোনাক কব(Bilasipara News)।
আপোনাৰ ঘৰৰ পিছফালে সোণ আছে।আপুনি উঠাই লওক আৰু এক ৰাতিত আম্বানী হওক।আপুনি আল্লাহৰ ফৰেস্তাক দেখিছেনে ? আজি আমি আপোনালোকক দেখুৱাম আল্লাহৰ ফৰেস্তাক।
বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিজ্ঞান প্ৰযুক্তিৰ দিনত অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত এখন গাঁও।দীৰ্ঘদিনৰ পৰাই বিলাসীপাৰাৰ খুদিগাৱত এটা দুষ্ট চক্ৰৰ দলে ধৰ্মীয় আবেগ অনুভূতি সৃষ্টি কৰি দুখীয়া মানুহৰ পৰা লাখ লাখ টকা ঠক প্ৰৱঞ্চনা কৰি আহিছে। ঠক প্ৰৱঞ্চকৰ দলটোৱে নকল সোনৰ মুৰ্তি বনাই মানুহৰ ঘৰৰ পিছ ফালে গাত খান্দি পুতি থৈ আহে।
তাৰপাছত ৰাতি নিজকে জিন বা আল্লাহৰ ফৰেস্তা বুলি পৰিচয় দি ফোন কৰি কয় আপোনাৰ ঘৰৰ পিছফালে সোণৰ মূৰ্তি আছে।ফোনতে আপোনাক বুজাই দিয়ে ঘৰৰ পিছফালে সেই ঠাইখিনিত সোণ আছে আপুনি উঠাই লওক। এই কথা আপোনাৰ পত্নীৰ বাহিৰে আন কাকোকে নকব। কাৰণ এইয়া আল্লাহৰ ফৰেস্তাই আপোনাক ভাল পাই আপোনাৰ ঘৰৰ পিছফালে পুতি থৈ গৈছে।
যদিহে আপুনি বেলেগক কয় তেন্তে ফৰেস্তাই মনত দুখ পাই আপোনাৰ পৰিয়াল ধ্বংস কৰিব। এনেদৰে এই দুজন লম্পট আব্দুল ৰচিদ আৰু ময়নাল খানে নিজকে আল্লাহৰ ফৰেস্তা বুলি কৈ লাখে লাখে টকা ধৰ্মীয় আৱেগৰে মানুহক ঠক প্ৰনঞ্চনা কৰি আত্মসাত কৰি আহিছে।
এক ৰাতিত ধনি হোৱাৰ সপোন দেখুৱাই দাবী কৰি আহিছে পাচৰ পৰা দহ লাখ কৈ টকা।অচিনাকি নম্বৰৰ পৰা ফোন অহা ব্যক্তিয়ে মানে ফৰেস্তাই আপোনাক এটা ঠাই নিৰ্ধাৰণ কৰি দিব আৰু তাতে আপুনি ৫লাখ টকা থৈ আহিব লাগিব। ইয়াৰ পাছতেই ৰাতি আপোনাৰ ঘৰত ফৰেস্তাই লাখে লাখে টকা থৈ যাব।
এনেদৰে এই দুজন লম্পটে দীৰ্ঘ দিনৰ পৰা চলাই আহিছে এক প্ৰকাৰ ব্লেকমেইলিঙ। ইতিমধ্যে বহু মানুহ এই দুষ্ট চক্ৰৰ জালত পৰি সৰ্বহাৰা হৈ পৰিছে। কিন্তু কিমানক আৰু ঠগিব এদিন ফচিবই লাগিব। তেনে ঘটনা কৰিব গৈ আৰক্ষীৰ জালত পৰিল এই দুই লম্পট। আব্দুল ৰচিদৰ ঘৰ অভয়াপুৰীৰ ইউছুফপুৰত আৰু ময়নাল খানৰ ঘৰ কোকৰাঝাৰ জিলাৰ বেদলাংমাৰীত।ঠক প্ৰৱঞ্চক দুজনৰ পৰা তিনিটা নকল সোণৰ মুৰ্তি এখন মেজিক গাড়ী আৰু EECO মাৰুতি ভেন জব্দ বিলাসীপাৰা আৰক্ষীয়ে। এই দুষ্ট চক্ৰৰ মুল মাষ্টাৰ মাইণ্ড এতিয়াও পলাতক। চহিদ আলী আৰু সাইজুদ্দিন আলী।মূল মাষ্টাৰ মাইণ্ড অভিযুক্ত শহিদ আলী আৰু সাইজুদ্দিন আলীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।
লগতে পঢ়ক :Fake currency notes seized in Cachar: কাছাৰৰ ৰংপুৰত জব্দ ৫ লাখ টকাৰ জাল নোট