CJM Court Orders FIR Against Nalbari DC:আই পি এছ বিষয়া বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ
নিউজ ডেস্ক,৬নৱেম্বৰ : আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ। ALRS অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত নিৰ্দেশ জাৰি আদালতৰ।
উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত নলবাৰী আয়ুক্ত বৰ্ণালী ডেকা আৰু ALRS অৰ্পণা শৰ্মাৰ মাজত সংঘাত হৈছিল।অভিযোগ অনুসৰি বৰ্ণালী ডেকাৰ নিৰ্দেশ মৰ্মে অপৰ্ণা শৰ্মালৈ আক্ৰমণাত্মকভাৱে চোঁচা লৈছিল আয়ুক্ত গৰাকীৰ পি এ য়ে।
উক্ত ঘটনা সন্দৰ্ভত ৮ মে’ত অপৰ্ণা শৰ্মাই সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু উক্ত এজাহাৰৰ সংক্ৰান্তত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আৰক্ষীয়ে। আনহাতে জিলা আয়ুক্ত গৰাকীৰ অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা নিলম্বন কৰে অপৰ্ণা শৰ্মাক(File FIR against IAS officer for harassing junior officer)।
লগতে পঢ়ক :যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীৰ পদত্যাগ