Assam businessman attacked by Nagas: মেৰাপানীত সুৰামত্ত নগাৰ আক্ৰমণ অসমীয়া ব্যৱসায়ীক
নিউজ ডেস্ক,৬নৱেম্বৰ : মেৰাপানীত সুৰামত্ত নগাৰ তাণ্ডৱ।মঙলবাৰে নিশা প্ৰায় ৭-৮জনীয়া এটা নগা লোকৰ দলে অকাৰণতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে অসমীয়া ব্যৱসায়ীক।
নগাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী(Assam businessman attacked by Nagas)।
জানিব পৰা মতে, ৰখাই থোৱা অৱস্থাত বাইকৰ লাইট অফ কৰিবলৈ অনুৰোধ জনোৱাৰ বাবেই হোটেল ব্যৱসায়ী জীৱন কলিতাক উপৰ্যুপৰি প্ৰহাৰ কৰে নগা লোকৰ দলটোৱে। উন্মত্ত নগা লোকৰ দলটোৰ সামৰিক পোছাক পৰিধান কৰা দুজন লোকো আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ সময়ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাত একাংশ স্থানীয় লোক কাষ চাপি অহাত ঘটনাস্থলীৰ পৰা নগা দলটো পলায়ণ কৰে। পাছত মেৰাপানী আৰক্ষীয়ে নগাৰ দলটোৱে এৰি যোৱা এখন বাইক জব্দ কৰে।
ইফালে আঘাটপ্ৰাপ্ত জীৱন কলিতাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৰাইজে। উল্লেখযোগ্য যে, শেহতীয়াকৈ একাংশ উন্মত্ত নগা লোকে প্ৰায়ে অসমীয়া লোকক অসম ভূমিতে মাৰপিট কৰাৰ ঘটনা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক :State Government Suspends Five ACS Officers: ৰাজ্য়ৰ ৫ ACS বিষয়াক নিলম্বন