Local, Vocal, Global

Farmer killed in elephant attack in Boko : বকোত বন্যহস্তীৰ আক্ৰমণত মৃত্যু কৃষকৰ

বকো,৬নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Boko)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে(Farmer killed in elephant attack in Boko)।

বকোত বনৰীয়া হাতীৰ তাণ্ডৱ। বকোত বন্যহস্তীৰ আক্ৰমণত মৃত্যুৰ কৃষকৰ।কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ অধীনৰ বকো শিংৰা বনাঞ্চলৰ এৰেকা টাঙাবাড়ীত হাতীৰ আক্ৰমণত নিহত এজন কৃষকৰ।নিহত লোকজন ৱাৰলিংন্টন ডাব্লিউ চাংমা (৬৩) বুলি জানিব পৰা গৈছে । নিহত লোকজনৰ ঘৰ জোঙাখুলিৰ সমীপৰ ৰাজাপাৰাত।

জানিব পৰা মতে,বনাঞ্চলৰ ভূমিত ধান খেতি কৰি পহৰা দিছিল একাংশই। সেই সময়তে নিশা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে আক্ৰমণ কৰে কৃষকজনক।

হাতীৰ জাকটোৱে কৃষকজনক গচকি, বহুদূৰ চোচোৰাই নিয়ে ফলত থিতাতে মৃত্যু হয় লোকজনৰ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি বকো আৰক্ষী থানালৈ লৈ যায়।

লগতে পঢ়ক :AIUDF expels three leaders for supporting BJP candidate in bypolls :নিলম্বন চামগুৰিৰ AIUDFৰ পৰা তিনি নেতাক