Mangaldai News:পুত্ৰই মঞ্চত অভিনয়, নৃত্য গীত কৰি থকা সময়তে মৃত্যু পিতৃৰ
নিউজ ডেস্ক,৫নৱেম্বৰ :পুত্ৰই মঞ্চত অভিনয়, নৃত্য গীত কৰি থকা সময়তে চিকিৎসালয়ত মৃত্যু পিতৃৰ । ৰাজলক্ষ্মী থিয়েটাৰৰ এগৰাকী অভিনেতা চন্দন ডেকাৰ পিতৃ প্ৰবীণ চন্দ্ৰ ডেকাৰ মৃত্যু।
মঙলদৈৰ ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰথম নিশাৰ নাটক চলি থকাৰ সময়তে আহে দুৰ্ভাগ্যজনক খবৰটো।পিছে উপায় নাই পুত্ৰই নাটক শেষ নকৰাকৈ যাব নোৱাৰে পিতৃৰ কাষলৈ। এয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাৰ বাস্তৱ ছবি(Mangaldai News)।
পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো দৌৰি আহিব নোৱাৰাটোৱে হয়তো এগৰাকীৰ শিল্পীৰ দায়বদ্ধতা অথবা কৰ্তব্য। নাটকৰ স্ক্ৰীপ্ট মতেই হাঁহি-মাতি, নৃত্য-গীত, অভিনয় কৰি নাটকৰ সংলাপ আওৰাই নাটক শেষ হোৱাৰ পাছত নিশাই পাঠশালা অভিমুখে ৰাওনা হল পুত্ৰ চন্দন ডেকা।
অভিনেতা চন্দন ডেকাৰ পিতৃৰ বিয়োগৰ খবৰে নাটক খনৰ সৈতে জড়িত সকলো কলা কুশলীৰ লগতে নাটক উপভোগ কৰিবলৈ অহা দর্শকো শোকত ম্ৰিয়মান হৈ পৰে।