Local, Vocal, Global

Heroin seized in Bokajan : বোকাজানত জব্দ ৭কোটি টকাৰ হেৰ’ইন;আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,৫নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।বোকাজানৰ পুৰণা লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী।

অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে হেৰ’ইনখিনি(Heroin seized in Bokajan)।

জানিব পৰা মতে, ডিমাপুৰৰ পৰা গোৱালপাৰা অভিমুখী AS-28-AC-1322 নম্বৰৰ ট্ৰাকৰ পৰা উদ্ধাৰ কৰে হেৰ’ইনখিনি। ৯৫ টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ ওজন এক কিলো এশ চল্লিছ গ্ৰাম (১.১৪০ কেজি)।

ইফালে আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে গোৱালপাৰাৰ ৰাছিদূল ইছলাম আৰু নুৰ আলম বুলি চিনাক্ত কৰা হৈছে।

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য সাত কোটি পঞ্চাশ লাখ টকা।

লগতে পঢ়ক :Protest in Jagiroad : জাগীৰোডত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ সদৌ তিৱা ছাত্ৰ সন্থাৰ