Guidelines Imposed for Chhath Puja Celebrations in Guwahati: ষট পূজা উপলক্ষ্যে গুৱাহাটী মহানগৰীত জিলা প্ৰশাসনে জাৰি কৰিছে নীতি-নিষেধাজ্ঞা
নিউজ ডেস্ক,৫নৱেম্বৰ : লক্ষ্মী পূজা, দুৰ্গা পূজা, কালী পূজা উলহ-মালহেৰে উদযাপন কৰাৰ পাছত এইবাৰ ৰাজ্যত চলিছে ষট পূজাৰ আয়োজন।অহা ৭ আৰু ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব ষট পূজা। ষট পূজা উপলক্ষ্যে গুৱাহাটী মহানগৰীত জিলা প্ৰশাসনে জাৰি কৰিছে নীতি-নিষেধাজ্ঞা(Guidelines Imposed for Chhath Puja Celebrations in Guwahati) ।
ষট পূজা উপলক্ষে এইসমূহ নীতি-নিৰ্দেশনা মানিব লাগিব ষট পূজা কমিটিসমূহে…
আৰক্ষীৰ উপৰিও পূজা কমিটিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব
চিকিৎসকৰ দল ৰখাটো বাঞ্ছনীয়
পূজাস্থলীত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব
নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটাব পাৰিব
পূজাত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান
মধ্যৰাতিলৈ বেছি জোৰকৈ গান বজাব নোৱাৰিব
মণ্ডপত পৰ্যাপ্ত পৰিমাণৰ পানী, পোহৰৰ ব্যৱস্থা থাকিব লাগিব
পূজাঘাটৰ বাবে প্ৰয়োজনীয় অনুমতি আৰক্ষী কৰ্তৃপক্ষৰ পৰা লোৱাটো বাঞ্চনীয়
সকলো কাৰ্যালয় আৰু স্বেচ্ছাসেৱকৰ তালিকা আগতীয়াকৈ নিকটতম আৰক্ষী থানাত দাখিল কৰিব লাগিব
স্বেচ্ছাসেৱকসকলক স্থানীয় আৰক্ষীৰ সহযোগত তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিব লাগিব
ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক প্ৰৱেশ/প্ৰস্থানৰ স্থান স্থাপন কৰাৰ লগতে সঠিকভাৱে চিচি টিভি কেমেৰা সংস্থাপন কৰিব লাগিব
ষট পূজা সমিতিবোৰে কি কি কৰিব নোৱাৰিব:
পূজা ঘাটৰ পৰা ১০০ মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব
পৰিৱেশ প্ৰদূষিত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব
অনুমতি নোহোৱাকৈ কোনো সমদল উলিয়াব নোৱাৰিব
পূজাৰ নামত ৰাজহুৱা পথ বন্ধ কৰিব নোৱাৰিব
125DBত কৈ উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাব নোৱাৰিব
লগতে পঢ়ক :Heated situation: চামগুৰিত নিৰ্বাচনী হিংসা