Local, Vocal, Global

Heated situation:গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা,৫নৱেম্বৰ : গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি৷ ৰোগীৰ মৃত্যুকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।পথ দুৰ্ঘটনাত আহতৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তেজনা(Heated situation)৷

আগিয়াত দুৰ্ঘটনাত আহত হৈছিল অভয়াপুৰীত উত্তম দাস৷ ক্ৰিটিকেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আহত উত্তম দাসক৷ লগে লগে চহৰৰ ক্ৰিটিকেল কেয়াৰত ভৰ্তি কৰোৱা হয় যদিও চাৰি ঘণ্টা পিছতো চিকিৎসা আৰম্ভ নকৰাত যুৱকজনৰ মৃত্যু হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

চিকিৎসালয়ত চিকিৎসক নথকা স্বত্বেও ৰোগীক ৰখাই থোৱাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

লগতে পঢ়ক :Road Accident in Barpeta:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতা-পুত্ৰৰ