Assam Police Seize Heroin and Yaba Tablets Worth ₹7 Crore: ধলাইত জব্দ ৭ কোটি টকাৰ ড্ৰাগছ;আটক সৰবৰাহকাৰী
নিউজ ডেস্ক,৪নৱেম্বৰ : ৰাজ্যত উপ-নিৰ্বাচন সমাগত । নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তীব্ৰতৰ।কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । ঠায়ে ঠায়ে তালাচী অভিযান।তাৰ মাজতে একাংশ আৰক্ষীৰ নাকী লগাই চলাই আছে ড্ৰাগছ সৰবৰাহ(Assam Police Seize Heroin and Yaba Tablets Worth ₹7 Crore)।
দেওবাৰে আৰক্ষীয়ে এক অভিযানত জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।ধলাইৰ লায়লাপুৰত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছসহ ট্ৰাকখন ।
জানিব পৰা ৩০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল প্ৰায় ৩৭৫ গ্ৰাম নিষিদ্ধ হেৰ’ইন। ২০ হাজাৰৰো অধিক নিচাজাতীয় টেবলেটো জব্দ কৰে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা হ’ব আৰক্ষীয়ে অনুমান কৰিছে ।
লগতে পঢ়ক :Assembly bypolls: ১৪ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ দিন সলনি