Chhath Puja 2024 : ৰাজ্যত চলিছে ষট পূজাৰ আয়োজন;ষট পূজাকলৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি
নিউজ ডেস্ক,৪নৱেম্বৰ : লক্ষ্মী পূজা, দুৰ্গা পূজা, কালী পূজা উলহ-মালহেৰে উদযাপন কৰাৰ পাছত এইবাৰ ৰাজ্যত চলিছে ষট পূজাৰ আয়োজন। আগন্তুক ষট পূজা উৎসৱ উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু বিশেষ নীতি নিয়ম(Chhath Puja 2024)।
তিনিচুকীয়া জিলাখনত ষট পূজা শান্তিপূৰ্ণভাবে উদযাপনৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। সভাত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, শদিয়াৰ আৰক্ষী অধীক্ষক জগদীশ দাস, অতিৰিক্ত আয়ুক্ত জাভেদ আৰমান, ডুমডুমাৰ সম-জিলা আয়ুক্ত নুজাহাৎ নাছৰিণ, মাৰ্ঘেৰিটা সম-জিলাৰ আয়ুক্ত পৰীক্ষিত থাওদাম আৰু ষট পূজাৰ কেবাটাও উদ্যোক্তা সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।সভাত জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া ষট পূজা স্থান সমূহৰ বৰ্তমানৰ অৱস্থা, নিৰাপত্তা আৰু সামাজিক শৃংখলাজনিত দিশ সমূহৰ পৰ্যালোচনা চলোৱা হয়।
জানিব পৰা মতে, সভাত ষট পূজাৰ নিশা ১০ বজাৰ পিছত উচ্চস্বৰত মাইক বজোৱা, ফটকা ফুটোৱা আদি কাৰ্যৰ পৰা জনসাধাৰণ বিৰত থকাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত হোৱা আলোচনাত আনক অসুবিধাত পেলাব পৰা কামসমূহ সম্পূৰ্ণ এৰাই চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৈৰ ঘাট সমূহত দুৰ্যোগ প্ৰশমন বিভাগৰ দল সষ্টম হৈ থাকিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে।