Eminent geo scientist Dr Gakul Chandra Goswami passes away: বিশিষ্ট ভূ-বিজ্ঞানী ড৹ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান
নিউজ ডেস্ক,৪নৱেম্বৰ : ড৹ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ দেওবাৰে নিশা প্ৰায় ১০ বজাত বেংগালুৰুৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত দেহাৱসান ঘটে বিশিষ্ট ভূ-বিজ্ঞানীগৰাকীৰ।
উল্লেখ্য যে, ড৹ গকুল চন্দ্ৰ গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি। ড৹ গোস্বামীয়ে ১৯৬৩ চনৰ পৰা ১৯৬৫ চনলৈকে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপকৰূপেও সেৱা আগবঢ়াইছিল ।তাৰ পিছত ১৯৭০ ৰ পৰা ১৯৭৪ চনলৈকে তেওঁ ভাৰত চৰকাৰৰ ভূবৈজ্ঞানিক জৰীপ বিভাগৰৰ খনিজ বিভাগ ত বিজ্ঞানী হিচাবে কৰ্মৰত আছিল(Eminent geo scientist Dr Gakul Chandra Goswami passes away)।
পৰৱৰ্তী সময়ত ১৯৭৪ চনৰ পৰা ১৯৯৯ চনলৈকে ওড়িশাৰ ডালমিয়া ইনষ্টিটিউট অৱ ছাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ চেণ্টাৰৰ মুখ্য বিজ্ঞানী হিচাপে সেৱা আগবঢ়াই ড৹ গোস্বামীয়ে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । এগৰাকী ভূ-বিজ্ঞানী হিচাপে তেওঁ সুদীর্ঘ জীৱনকালত ৯৩ খন গৱেষণা পত্ৰ লিখি প্ৰকাশ কৰিছিল । তেওঁৰ তত্বাৱধানত গৱেষণা কৰি চিমেন্ট বিষয়ত ২জনে আৰু ৰিফেক্টৰীজ ব্ৰিক্সৰ বিষয়ত এজনে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।
ড৹ গকুল চন্দ্ৰ গোস্বামীৰ মৃত্যুত জন্মস্থান শ্ৰীশ্ৰী ভোলাগুৰি সত্ৰৰ লগতে কলিয়াবৰৰ ৰাইজেও শোক প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :Khanapara Road Accident CCTV Footage :খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ শিহৰণকাৰী CCTV ভিডিঅ