Bus falls into gorge Uttarakhand’s Pauri-Almora border: দ খাৱৈত সোমাল যাত্ৰীবাহী বাছ;নিহত ৫জন
নিউজ ডেস্ক,৪নৱেম্বৰ : উত্তৰাখণ্ডৰ আলমোৰাৰ মাৰ্চুলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল যাত্ৰীবাহী বাছ।ফলত নিহত ৫জন।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ৩০ গৰাকীতকৈও অধিক লোক আছিল(Bus with over 30 passengers falls into gorge in Uttarakhand)।
বৰ্তমান ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ তিনিটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ঘটনা সন্দৰ্ভত ছল্টৰ মহকুমাৰ দণ্ডাধীশ সঞ্জয় কুমাৰে কয় যে,এই শোকাৱহ দুৰ্ঘটনা কমেও পাঁচজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাৰ লগতে আহত হয় বহুকেইজন।আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয় লৈ প্ৰেৰণ কৰে(Bus falls into gorge Uttarakhand’s Pauri-Almora border)।
এই শোকাৱহ ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে লৈ দুখ প্ৰকাশ কৰে আৰু দ্ৰুত উদ্ধাৰ অভিযানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এক্সত এক পোষ্টৰ জড়িয়তে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “মাৰ্চুলাত সংঘটিত হোৱা দুৰ্ভাগ্যজনক বাছ দুৰ্ঘটনাত যাত্ৰীসকলৰ মৃত্যুৰ বিষয়ে অতি দুখজনক।ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক ক্ষিপ্ৰতাৰে সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে।”
লগতে পঢ়ক :Assam man Goes Missing In Chennai: বহিঃৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ নাথুৰাম গড়