Local, Vocal, Global

Assam man Goes Missing In Chennai: বহিঃৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ নাথুৰাম গড়

নিউজ ডেস্ক,৪নৱেম্বৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In Chennai)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক।বহিঃৰাজ্যত সন্ধানহীন মেৰাপানীৰ সৰুপানী কল্যাণপুৰৰ নাথুৰাম গড়।বিজয়নাগ্ৰাম ষ্টেচনৰ পৰা সন্ধানহীন হয় লোকজন।

জানিব পৰা মতে, বন্ধু নকুল বডৰ সৈতে চেন্নাইলৈ গৈ আছিল নাথুৰাম গড়। কিন্তু চেন্নাই পোৱাৰ পূৰ্বে সন্ধানহীন হয় লোকজন।

সন্ধানহীন লোকজনৰ সন্ধান পালে 70021-21855 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: কাহিলিপাৰাত জব্দ বুজন পৰিমাণৰ হেৰ’ইন