Local, Vocal, Global

Guwahati’s Culinary Nightmares: মহানগৰীৰ ৰেষ্টুৰেণ্টত পৌৰ নিগমৰ অভিযান; ছীল দুখনকৈ ৰেষ্টুৰেণ্ট

নিউজ ডেস্ক,২নৱেম্বৰ : পুনৰ গুৱাহাটী মহানগৰীত পৌৰ নিগমৰ অভিযান। মহানগৰীৰ কেইবাখনো ৰেষ্টুৰেণ্টত শুকুৰবাৰে নিশা অভিযান চলাল।জি এম চিৰ যুটীয়া আয়ুক্ত মৃণাল বৰাৰ নেতৃত্বত চলা এই অভিযানত জি এছ ৰোডৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল কৰিছে(Guwahati’s Culinary Nightmares)।

জানিব পৰা মতে,নিশাই জি এছ ৰোডৰ বাৰ্বী হোটেলত অভিযান চলোৱাৰ সময়ত অভিযানকাৰী দলটোৰ চকু কপালত উঠে।প্ৰতিষ্ঠানখনৰ বাহিৰৰ সৌন্দৰ্যৰ সম্পূৰ্ণ বিপৰীত খাদ্য প্ৰস্তুতকৰণৰ পৰিবেশ।কাৰণ ৰেষ্টুৰেণ্টখনৰ খাদ্য প্ৰস্তুত কৰা টাৱাত এফালে এন্দুৰ, নিগনীয়ে খাদ্য পাইছে আৰু সেই খাদ্যকে গ্ৰাহকক বিক্ৰী কৰিছে প্ৰতিষ্ঠানখনে। এনে পৰিবেশ দেখি অভিযানকাৰী দলটোৰ সকলোৰে চকু কপালত উঠে(Rats Caught Dining in Fast Food Joints as GMC Steps In)।

শুকুৰবাৰে নিশা অভিযানকাৰী দলটোৱে বাৰ্বী হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ লগতে একেখন হোটেলৰ খাদ্য প্ৰস্তুত কৰা আন দুখন আউটলেটো বন্ধ কৰি দিয়া হৈছে।

লগতে পঢ়ক :Massive fire breaks out in Lakhimpur: দীপাৱলীৰ আনন্দ উলাহৰ মাজতে লখিমপুৰত দুটাকৈ অগ্নিকাণ্ড