Local, Vocal, Global

Daily Horoscope for 2nd November  : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভাম্বিত হ’ব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃষ ৰাশি: আজি আপুনি শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিব পাৰে ৷ শান্ত থাকক ৷

মিথুন ৰাশি: নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আতঁৰত থাকক ৷ স্বাস্থ্যৰ যত্ন লওঁক ৷ ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওক ৷

কৰ্কট ৰাশি: আজি সম্পূৰ্ণ দিনটো ব্যস্ত হৈ থাকিব ৷ আনন্দ উপভোগ কৰিব ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷

সিংহ ৰাশি: ব্যৱসায় বৃদ্ধি হ’ব ৷ ধন অৰ্জনৰ বাবে সৌভাগ্যশীল সময় ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক ৷

কন্যা ৰাশি: দিনটো শান্ত আৰু স্থিৰ হৈ থাকিব ৷ সুখী অনুভৱ কৰিব ৷ ধন অৰ্জন কৰিব ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা সহযোগিতা পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুখী হৈ থাকিব ৷

তুলা ৰাশি: প্ৰেমত শুভ ৷ ক্লান্তি আৰু মানসিক শান্তিৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: ব্যৱসায়ৰ বাবে শুভ দিন ৷ স্বাস্থ্যৰ যত্ন লওক ৷

ধনু ৰাশি: শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই দিনটো ভালে ৰখাত সহায় কৰিব ৷ আৰ্থিক সফলতা লাভ কৰিব ৷

মকৰ ৰাশি: চিন্তাধাৰা বিমূৰ্ত আৰু ৰহস্যময় হ’ব ৷ দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি জিজ্ঞাসা বৃদ্ধি পাব ৷ বিনিয়োগত লাভ পাব ৷

কুম্ভ ৰাশি: ব্যয় বৃদ্ধি হ’ব ৷ মানসিক শান্তি লাভ কৰিব ৷ পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে ৷

মীন ৰাশি: সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণ কৰিব পাৰে ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷