Unfortunate death of a baby elephant in Jamugurihat : ৰাজ্যত পুনৰ বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ পোৱালীৰ মৃত্যু ।
এইবাৰ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু ৷ বাগিচাখনৰ ৯ নং শাখাৰ এটি নলাত উদ্ধাৰ হয় বনৰীয়া হাতীৰ পোৱালীটো ৷ খাদ্যৰ সন্ধানত মাতৃৰ সৈতে অহা হাতীৰ পোৱালীটো নলাত পৰি যোৱাৰ ফলতে মৃত্যু হয় ৷ মাতৃয়ে পোৱালীটো উদ্ধাৰ ছেষ্টা চলায় যদিও মাটিত পুত খায় যোৱাত মৃত্যু হয় ৷ ৰাতিপুৱা বাগিচাখনৰ শ্ৰমিকে কামলৈ যোৱাৰ সময়ত প্ৰত্যক্ষ কৰে মৃত হাতীৰ পোৱালীটো ৷ পাছত বাগিচা কৰ্তৃপক্ষ খবৰ দিয়াত বাগিচা কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়ে(Unfortunate death of a baby elephant in Jamugurihat)৷
ইতিমধ্যে আমাৰীবাৰী বন বিভাগৰ লোক ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ ৰঙাপৰাত আজি কিছু দিন পুৰ্ৱে বন বিভাগে উদ্ধাৰ কৰিছিল হাতীৰ পোৱালী ৷ ৰঙাপৰাত বিছৰন কৰা হাতীৰ জাক সমূহত কেইবাটাও হাতীৰ পোৱালী আছে ৷
লগতে পঢ়ক :Badruddin Ajmal’s convoy meets with accident: যমুনামুখত দুৰ্ঘটনাত পতিত বদৰুদ্দিন আজমলৰ কনভয়