Local, Vocal, Global

Tea workers protest at Jaboka tea estate in Charaideo: দীপাৱলীৰ আনন্দ উছাহৰ মাজতে জবকা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

সোণাৰি,৩১অক্টোবৰ : দেশজুৰি দীপাৱলীৰ আনন্দ উছাহ।সমগ্ৰ দেশৰ লগতে অসমতৰো প্ৰতিটো প্ৰান্ততে দীপাৱলীৰ ব্যাপক আয়োজন চলিছে ।

পোহৰৰ উৎসৱক লৈ ব্যস্ত সকলো। কিন্তু তাৰ মাজতে প্ৰতিবাদত বহিছে চাহ বাগিচাৰ শ্ৰমিকসকল(Tea workers protest at Jaboka tea estate in Charaideo)।

সোণাৰিৰ সমীপৰ জবকা চাহ বাগিচাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। বাগিচাখনৰ শ্ৰমিক সকলে দেৱালী আৰু কালী পূজাৰ পূৰ্বে মালিক পক্ষই দৰমহা প্ৰদান নকৰাকলৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। বাগিচাখনৰ শ্ৰমিক সকলে নিজৰ কাম বন্ধ কৰি কাৰ্য্যালয়ৰ সন্মুখত সমবেত হৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। বাগিচা কৰ্তৃপক্ষই দৰমহা নিদিয়াক কেন্দ্ৰ কৰি হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

শ্ৰমিকসকলে জনোৱা মতে, দীপাৱলী উপলক্ষে শ্ৰমিকৰ পষেকীয়া মজুৰি দুদিন পূৰ্বে দিয়াৰ কথা আছিল । কিন্তু সেই অনুসৰি তেওঁলোকক মজুৰি নিদিয়াত জাঙুৰ খাই উঠে চাহ শ্ৰমিকসকল । যাৰ বাবে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখতে পৰিচালকক আবদ্ধ কৰি ৰাখে শ্ৰমিকসকলে । দিনটোৰ ভিতৰতে মজুৰি কৰি দিবলৈ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । ইফালে চাহ শ্ৰমিকৰ পষেকীয়া মজুৰি আদায় নকৰিলে বাগিচাৰ কাম-কাজ বন্ধ কৰাৰো হুংকাৰ দিয়ে শ্ৰমিকসকলে।

লগতে পঢ়ক:Drugs peddler arrested along with drugs: বোকাজানত জব্দ ১০ কোটি টকাৰ য়াবা টেবলেট;আটক এজন