Drugs peddler arrested along with drugs: বোকাজানত জব্দ ১০ কোটি টকাৰ য়াবা টেবলেট;আটক এজন
বোকাজান,৩১অক্টোবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজান নিতৌ চলি আছে ড্ৰাগছৰ ব্যৱসায়।
বুধাবাৰে নিশা বোকাজানৰ ডিলাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেট, আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী।ধৃত সৰবাৰকাৰী মহম্মদ ৱাৰিচ বুলি চিনাক্ত কৰা হৈছে
AS-O1-AR-9682 নম্বৰৰ এখন আই টেন গাড়ীত গোপন কক্ষত সাজি আনিছিল টেবলেটখিনি। মণিপুৰৰ থৱাল জিলাৰ পৰা নাগালেণ্ড হৈ অসমৰ দিশে আহি থকাৰ পথত ডিলাই আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত বাহনখনৰ পৰা জব্দ কৰে টেবলেটখিনি।
জানিব পৰা মতে, কলা ৰঙৰ পলিথিনত মেৰিয়াই গোপন কক্ষত লুকুৱাই আনিছিল পঞ্চাশ হেজাৰ (৫০,০০০) টা য়াবা টেবলেট । জব্দকৃত টেবলেটখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় ১০ কোটি টকা।