Boat race in south salmara: দক্ষিণ শালমাৰাত ১০০ বছৰৰ পুৰণি পৰম্পৰাগতা নাওখেল প্ৰতিযোগিতা
নিউজ ডেস্ক,৩১অক্টোবৰ : দক্ষিণ শালমাৰাৰ মহুৰীৰচৰত ১০০ বছৰৰ পুৰণি পৰম্পৰাগতা নাওখেল। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই নাও খেল প্ৰতিযোগিতা। আজি অনুষ্ঠিত হ’ব চূড়ান্ত খেল। গীতৰ তালে তালে বাইচাৰ সকলে নাও খেলত অংশগ্ৰহন কৰি যুগ যুগ ধৰি জীয়াই ৰাখিছে পৰম্পৰা।
মহুৰীৰচৰত চলি থকা নাও খেলত আজি দ্বিতীয় ছেমিফাইনেলখন মানকাচৰৰ হাজিৰহাট আৰু মেঘালয়ৰ ভাইটবাৰী নাও দলৰ মাজত অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতাখনত ইতিমধ্যে হাৰিভাঙা নাওদল ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লিৰ ভাগত দ্বিতীয় ছেমিফাইনেলৰ পাচতেই চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব(Boat race in south salmara)।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেৱল চৰ এলেকাতে নহয়, জিলাখনৰ কেবাটাও স্থানত প্ৰতি বছৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বিভিন্ন নাও খেলৰ সমিতিয়ে এই পৰম্পৰাগত নাও খেল অনুষ্ঠিত কৰি আহিছে। কোনো কোনো স্থানত যদি ২৫/৩০ বছৰ ধৰি পৰম্পৰাগত নাও খেল অনুষ্ঠিত হৈ আহিছে, কোনো কোনো স্থানত আকৌ দেশ স্বাধীনত হোৱা দিনৰ পৰা চলি আহিছে এই নাও খেল।
দক্ষিণ শালমাৰাৰ নদী এলেকা থকা অঞ্চলসমূহত যুগ যুগ ধৰি এই নাও খেল অনুষ্ঠিত হৈ আহিছে। বিশেষকৈ দক্ষিণ শালমাৰা মহুৰীৰচৰ গাঁও পঞ্চায়তত বিগত প্ৰায় ১০০ বছৰৰো অধিক সময় ধৰি পৰম্পৰাগত ভাৱে ব্ৰহ্মপুত্ৰত নাও খেল পাতি আহিছে অঞ্চলটোৰ সৰ্বসাধাৰণ লোকে।
নাও খেলৰ কথা শুনিলেই একাংশই পুৱাৰে পৰা নদীৰ পাৰত ভীৰ কৰিবলৈ আৰম্ভ কৰে। নাও খেল ওচৰৰ পৰা চাবলৈ ৰাইজে হেতা ওপৰা লগায়। লাহে লাহে লোকে লোকাৰণ্য হৈ পৰে নদীৰ পাৰ।
কোনোবাই যদি নাও ভাড়া কৰি নদীৰ মাজত গৈ নাও খেলৰ সন্দৰ্য্য উপভোগ কৰে, কোনোবাই আকৌ নদীৰ পানীৰ মাজত থিয় হৈ নাও খেলৰ আমেজ লোৱা পৰিলক্ষিত হয়। নাও খেলৰ আন এক বিশেষত্ব হৈছে বাইচা সকলে গীত পৰিৱেশন কৰি গীতৰ তালে তালে নাও বাইচ দিয়ে।
গীতে-মাতে নদীৰ পাৰত আবেলিৰ পৰা পৰা সন্ধিয়ালৈ এক উৎসৱমুখ পৰিবেশৰ সৃষ্টি হয়। পৰম্পৰাগত এনে নাও খেলত সাধাৰণতে পুৰস্কাৰ হিচাপে গৰু, মহ, পঠা আদিৰে সন্মানিত কৰা হয় । প্ৰায় লক্ষাধিক টকা খৰচ কৰি নাও খেলৰ এই পৰম্পৰা জীয়াই ৰখাৰ বাবে এইদৰে নাও খেলত অংশগ্ৰহণ কৰে নাও খেলৰ বাইছাৰ সকলে।