PM pays tribute to Sardar Patel on his birth anniversary: আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী; লৌহ পুৰুষলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ
নেশ্যনেল ডেস্ক,৩১অক্টোবৰ : আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী । প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী পালন কৰা হয়।
জন্ম জয়ন্তীত দেশৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলেক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(PM pays tribute to Sardar Patel on his birth anniversary)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা গুজৰাটৰ কেৱাডিয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ পেৰেডত অংশগ্ৰহণ কৰে ।
জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখে… “ভাৰত ৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত তেওঁলৈ মোৰ অভিবাদন । ৰাষ্ট্ৰৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাটো তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল । তেওঁৰ ব্যক্তিত্ব আৰু কামে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।”
আনহাতে, একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে একতাৰ শপত গ্ৰহণ কৰে আৰু গুজৰাটৰ ‘ষ্টেচু অব ইউনিটী’ত পুষ্পাঞ্জলি অৰ্পণ কৰি চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত একতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীক ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে উদযাপন কৰা হয় ।
নতুন দিল্লীৰ পেটেল চ’কত ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট ব্যক্তিসকলে।
লগতে পঢ়ক :GMC seals two restaurants in Guwahati : খীষ্ট্ৰানবস্তিৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল প্ৰশাসনৰ