Protest Against Smart Meter: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ
গেলেকী,২৮অক্টোবৰ : শক্তি বিভাগৰ শক্তি বাঢ়িছে। চৰকাৰ আছে শুই। স্মাৰ্ট মিটাৰত জুই । জনতাই বোলে হাই হাই এইয়া কি হ’ল গৈ।
ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত। চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে(Protest in assam ) ৷
এতিয়া আহক অসমলৈ ঘুৰি। ৰাজপথত কি মহিলা কি পুৰুষ ওলাই আহিছে। ২৪ ঘন্টা বিজুলী দিয়া বহু দুৰৰে কথা ২ ঘন্টা বিজুলী দি ২৪ ঘন্টা বিজুলীৰ বিল দিব লগা হৈছে জনতাই।
স্মাৰ্ট মিটাৰ লগাই মানুহৰ টকা স্মাৰ্ট ভাৱে সৰকাইছে চৰকাৰখনে। ৰাজ্যৰ এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ। কোনোবাই যদি অসমত এতিয়া কি চলি আছে বুলি প্ৰশ্ন কৰে। তেন্তে আপুনি চকু মুদি কব পাৰিব ।
স্মাৰ্ট মিটাৰৰ নামত লুন্ঠন চলিছে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ লাগে(Protest Against Smart Meter)।
ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি পুৱা বাগিচাই বাগিচাই প্ৰতিবাদ।স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ।
অসম চাহ মজদুৰ সংঘৰ উদ্যোগত অসমৰ প্ৰায় ৩২ খন বাগিচাৰ লগতে সমান্তৰাল ভাৱে শিৱসাগৰ আমগুৰিৰ বৰছিলা চাহ বাগিচাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ চাহ শ্ৰমিকে।
বৰছিলা চাহ বাগিচাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে।
প্ৰতিবাদৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে।
স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰ বাহাল ৰখাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে।
বৰছিলা বাগিচাৰ মুখ্য পৰিচালকৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।
অন্যথা ২৬ ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।