Local, Vocal, Global

Army vehicle attacked by terrorists in Jammu and Kashmir: জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ গুলীচালনা

নিউজ ডেস্ক,২৮অক্টোবৰ : পুনৰ সেনাৰ কনভয়ত আক্ৰমণ সন্ত্ৰাসবাদীৰ । সোমবাৰে পুৱা সেনাৰ কনভয়ত লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । আখনুৰৰ জোগৱানৰ LOCৰ সমীপত সেনাৰ বাহনত গুলীচালনা কৰে।

সোমবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত এই ঘটনাটো ।এই আক্ৰমণৰ পাছতে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে সেনাই(Army vehicle attacked by terrorists in Jammu and Kashmir)।

অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

ইফালে নিৰাপত্তা বিষয়াসকলে জনোৱা অনুসৰি সোমবাৰে পুৱা পাকিস্তানৰ সীমান্তৰ সমীপৰ আখনুৰ চেক্টৰত ৩ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে(Search for terrorists underway near border village in Jammu)।

আৰক্ষীৰ সহযোগত সেনাই গাঁওখন আৰু কাষৰীয়া অঞ্চলসমূহ ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক :PM Modi and Spain’s PM Sanchez hold roadshow : গুজৰাটৰ বদোদৰা চহৰৰ ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজেৰ