PM Modi and Spain’s PM Sanchez hold roadshow : গুজৰাটৰ বদোদৰা চহৰৰ ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজেৰ
নেশ্যেনেল ডেস্ক,২৮অক্টোবৰ : গুজৰাটৰ বদোদৰা চহৰৰ ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজেৰ।সোমবাৰে দুয়োগৰাকী নেতাই এখন মুকলি জীপত উঠি এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰে(PM Modi and Spain’s PM Sanchez hold roadshow)।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ পৰা চহৰখনৰ টাটা এয়াৰক্ৰাফ্ট চৌহদলৈ যোৱা ২.৫ কিলোমিটাৰ পথত সমবেত হোৱা জনতাৰ ফালে হাত জোকাৰি সম্ভাষণ জনায় । টাটা এডভান্সড চিষ্টেমছ লিমিটেড কেন্দ্ৰৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ছেনচেজক ভাৰতৰ সমৃদ্ধ সংস্কৃতি প্ৰদৰ্শন কৰা বিভিন্ন শিল্পীয়ে আদৰণি জনায়(Tata Aircraft’s Vadodara plant to deliver first aircraft in 2026)।
এই ৰোড শ্ব’ৰ পিছতে দুয়োগৰাকী নেতাই টাটা এডভান্সড চিষ্টেমছ লিমিটেড কেন্দ্ৰ (টিএএছএল) উদ্বোধন কৰে ।
এই বিমান নিৰ্মাণ কেন্দ্ৰটো উদ্বোধনৰ অন্তত স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো ছেনচেজে ঘোষণা কৰে যে ২০২৬ চনত এই টাটা এডভান্সড চিষ্টেমছ লিমিটেড কেন্দ্ৰত প্ৰথমখন বিমান নিৰ্মাণ কৰিব । এই টাটা এডভান্সড চিষ্টেম কেন্দ্ৰ মুকলিৰ পিছত দুয়োগৰাকী নেতা ঐতিহাসিক লক্ষ্মী বিলাস প্ৰাসাদলৈ দ্বিপাক্ষিক বৈঠকৰ বাবে ৰাওনা হয়।
লগতে পঢ়ক :Massive fire in firecracker shop in Hyderabad: দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ফটকাৰ দোকানত অগ্নিকাণ্ড