Four terrorists killed in separate KP operations: পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান; নিহত ৪ টা সন্ত্ৰাসবাদী
ইণ্টাৰনেশ্যনেল ডেস্ক,২৮অক্টোবৰ : পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান । দেওবাৰে খাইবাৰ পাখতুনখোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অভিযান চলাই । দুটা পৃথক পৃথক স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে।অভিযানত ৪ টা সন্ত্ৰাসবাদী নিহত হয়।পাকিস্তানৰ সামৰিক বাহিনীয়ে এই কথা নিশ্চিত কৰিছে(Four terrorists killed in security operations in Khyber Pakhtunkhwa)।
খবৰ অনুসৰি, দেওবাৰে নিৰাপত্তা বাহিনীয়ে প্ৰথম অভিযানটো উত্তৰ ৱাজিৰিস্তান জিলাত চলিছিল। য’ত এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা হৈছিল । এই অভিযানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় । য’ত খাৰজী ইনচাফ উল্লাহকে ধৰি দুই সন্ত্ৰাসবাদী নিহত হয় ।
ইফালে খাইবাৰ জিলাত দ্বিতীয়টো অভিযান চলাই ।দ্বিতীয়টো অভিযানত নিৰাপত্তাৰক্ষীয়ে আন এটা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত দুটা সন্ত্ৰাসবাদী নিহত হয় আৰু আন তিনিটা আহত হয় । নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে । সন্ত্ৰাসবাদীকেইটাই নিৰীহ নাগৰিকক হত্যা কৰাৰ লগতে অসংখ্য সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল বুলি জানিব পৰা গৈছে(Four terrorists killed in separate KP operations)।
ইয়াৰ পূৰ্বে জুলাই মাহত পাকিস্তান চৰকাৰে নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানক (টিটিপি) আনুষ্ঠানিকভাৱে ‘ফিতনা আল খাৱাৰিজ’ হিচাপে মনোনীত কৰে আৰু সকলো প্ৰতিষ্ঠানক সন্ত্ৰাসবাদী কাৰ্যৰ বাবে দায়ী সকলক ‘খৰিজী’ (বহিষ্কৃত) বুলি উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে । শনিবাৰে উত্তৰ ৱাজিৰিস্তানত সংঘটিত এক আত্মঘাতি বোমা বিস্ফোৰণত ৪ গৰাকী আৰক্ষী বিষয়াকে ধৰি প্ৰায় ৮ গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
লক্ষণীয়ভাৱে, ২০২১ চনত আফগানিস্তানত তালিবানে পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা গৈছে । কেৱল পাকিস্তানে নহয় সন্ত্ৰাসবাদীয়ে প্ৰায়ে সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে।