Assam Cabinet Meeting: ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ভাষা গৌৰৱ সপ্তাহ
নিউজ ডেস্ক,২৫অক্টোবৰ : দেওবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে।
সংবাদমেলৰ জৰিয়তে কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে(Assam Cabinet Meeting)।
কেবিনেটৰ অন্তত সংবাদমেল ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে …
৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বাবে আয়োজন হ’ব ভাষা গৌৰৱ সপ্তাহ। ভাষা গৌৰৱ সপ্তাহত লিখা হ’ব প্ৰধানমন্ত্ৰীলৈ পত্ৰ।