Local, Vocal, Global

12 Indian fishermen arrested by Sri Lanka Navy : পুনৰ শ্ৰীলংকাৰ নৌসেনাৰ গ্ৰেপ্তাৰ ১২ গৰাকী ভাৰতীয় মাছমৰীয়াক

নিউজ ডেস্ক,২৭অক্টোবৰ : দেওবাৰে পুনৰ শ্ৰীলংকাৰ নৌসেনাই ১২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে।শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মাছমৰীয়াকেইজনক ।

শ্ৰীলংকা নৌসেনাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে উত্তৰ প্ৰান্তৰ জাফনাৰ পইণ্ট পেড্ৰোৰ উপকূলত মাছমৰীয়াৰ নাও জব্দ কৰা হয় লগতে মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰা হয় । প্ৰেছ বিজ্ঞপ্তি অনুসৰি ধৃত ১২ গৰাকী মাছমৰীয়াক কাঞ্চেশন্থুৰাই হাৰ্বাৰলৈ লৈ যোৱা হৈছে আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে মাইলাদি মীন পৰিদৰ্শকক হস্তান্তৰ কৰা হ’ব(12 Indian fishermen arrested by Sri Lanka Navy for alleged illegal fishing)।

প্ৰেছ বিজ্ঞপ্তিত লগতে কোৱা হয় যে শ্ৰীলংকাৰ নৌসেনাই ২০২৪ চনত এতিয়ালৈকে দ্বীপৰাষ্ট্ৰখনৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত ৬২ খন ভাৰতীয় নাও আৰু ৪৬২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষৰ হাতত গতাই দিছে(12 Indian fishermen arrested by Sri Lanka Navy)।

শ্ৰীলংকাৰ মীন মন্ত্ৰালয়ে ঘোষণা কৰিছে যে চুবুৰীয়া দেশৰ মাজত পুনৰাবৃত্তি হোৱা এনে সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ মঙলবাৰে ৰাষ্ট্ৰখনত ১২ জনীয়া এটা ভাৰতীয় দল উপস্থিত হ’ব।

লগতে পঢ়ক :Security forces seize of arms in Manipur : মণিপুৰত ৩ সন্ত্ৰাসবাদীসহ জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ‌