Local, Vocal, Global

ADRE Phase-3 exam: চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ৰে’ল

নিউজ ডেস্ক,২৬অক্টোবৰ : অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা।ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ যাতায়াতৰ বাবে বিশেষ সুবিধা(ADRE Phase-3 exam)।

চতুৰ্থ বৰ্গৰ পৰীক্ষা অৱৰ্তীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১০খন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এন এফ ৰে’লৱেই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে । এই ৰে’লসমূহ দুয়োদিশতে ভ্ৰমণৰ বাবে পৰিচালনা কৰা হ’ব(NF Railway announces five pairs of special trains for convenience) ।

বিশেষ ৰে’লসমূহৰ চলাচল এনেধৰণৰ(NF Railway announces five pairs of special trains for convenience):

ৰে’ল নং 05101/05102 (কৰিমগঞ্জ–শিলচৰ-কৰিমগঞ্জ) কৰিমগঞ্জৰ পৰা ক্ৰমে 04:00 বজাত আৰু শিলচৰৰ পৰা 27 অক্টোবৰত ক্ৰমে 21:00 বজাত প্ৰস্থান কৰিব । দুয়োখন ৰে’ল গন্তব্যস্থান শিলচৰত ০৬:৪০ বজাত আৰু কৰিমগঞ্জত একেদিনাই ২৩:৪০ বজাত উপস্থিত হ’ব । ৰে’লসমূহৰ নতুন কৰিমগঞ্জ,ভাংগা,বদৰপুৰ আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’ল নং 05119 (মৰিয়নী–নাৰেংগী) 26 অক্টোবৰত 15:35 বজাত মৰিয়নীৰ পৰা প্ৰস্থান কৰি পিছদিনা 05:00 বজাত নাৰেংগী পাব । একেদৰে, ৰে’ল নং 05120 (নাৰেংগী–মৰিয়নী) 27 অক্টোবৰত 15:30 বজাত নাৰেংগীৰ পৰা প্ৰস্থান কৰি 28 অক্টোবৰত 04:00 বজাত মৰিয়নী পাব । দুয়োখন ৰে’লতে জ্যোতি টাউন,বৰুৱা বামুনগাঁও,নুমলীগড়,বৰপথাৰ,ডিমাপুৰ ডিফু,লামডিং,লংকা,চাপাৰমুখ, জাগীৰোড,ডিগাৰু আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’ল নং 05139/05140 (হয়বৰগাঁও–গুৱাহাটী-হয়বৰগাঁও) হয়বৰগাঁৱৰ পৰা 26 অক্টোবৰত 14:00 বজাত আৰু 27 অক্টোবৰত 15:00 বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰিব । দুয়োখন ৰে’লে নিজা নিজা গন্তব্যস্থান গুৱাহাটীত ১৮:১৫ বজাত আৰু হয়বৰগাঁৱত একেদিনাই ২০:০০ বজাত উপস্থিত হ’ব । ৰে’লসমূহত শেনচোৱা,ৰহা,চাপৰমুখ,জাগীৰোড,তেতেলিয়া,পানীখাইতি আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’ল নং 05456 (আলিপুৰদুৱাৰ–কামাখ্যা) 26 অক্টোবৰত 17:00 বজাত আলিপুৰদুৱাৰৰ পৰা প্ৰস্থান কৰি পিছদিনা 04:30 বজাত কামাখ্যা পাব । একেদৰে,ৰে’ল নং 05457 (কামাখ্যা–আলিপুৰদুৱাৰ) 27 অক্টোবৰত 15:30 বজাত কামাখ্যাৰ পৰা প্ৰস্থান কৰিব । 28 অক্টোবৰত 03:30 বজাত আলিপুৰদুৱাৰ পাব । দুয়োখন ৰে’লত নিউ কোচবিহাৰ,ধুবুৰী,চাপটগ্ৰাম,কোকৰাঝাৰ, নিউ বঙাইগাঁও,দুধনৈ,বকো,মিৰ্জা আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’ল নং 05679/05680 (জামিৰা–শিলচৰ-জামিৰা) জামিৰাৰ পৰা ক্ৰমে 04:00 বজাত আৰু শিলচৰৰ পৰা 27 অক্টোবৰত 15:30 বজাত প্ৰস্থান কৰিব । দুয়োখন ৰে’লে নিজা নিজা গন্তব্য স্থান শিলচৰত ০৭:১০ বজাত আৰু জামিৰা একেদিনাই ১৯:০০ বজাত উপস্থিত হ’ব । ৰে’লসমূহত কাটলিচেৰা, হাইলাকান্দি, কাটাখাল,অৰুণাচল আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব।

লগতে পঢ়ক :Baba Siddique Murder: বাবা ছিদ্দিকী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ আন এজন অভিযুক্তক