Local, Vocal, Global

Baba Siddique Murder: বাবা ছিদ্দিকী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ আন এজন অভিযুক্তক

নেশ্যনেল ডেস্ক,২৬অক্টোবৰ : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ লুধিয়ানাৰ পৰা আন এজন অভিযুক্তক(Baba Siddique Murder)।

শনিবাৰে এই কথা প্ৰকাশ কৰে পঞ্জাব আৰক্ষীৰ প্ৰধান গৌৰৱ যাদৱে।

পঞ্জাব আৰক্ষীৰ সঞ্চালক প্ৰধান যাদৱে এক্সৰ এটা পোষ্টত কয়, ” মুম্বাই আৰক্ষী আৰু পঞ্জাব আৰক্ষীৰ সফলতা । মুম্বাই আৰক্ষী আৰু পঞ্জাব আৰক্ষীৰ এক যুটীয়া অভিযানত মুম্বাইৰ বাসিন্দা সুজিৎ সুশীল সিঙক আটক কৰে।”সুৰজিৎ সুশীল সিং নামৰ অভিযুক্তজনক পঞ্জাব আৰক্ষী আৰু মুম্বাই আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্ত সুজিৎ সুশীল সিঙক গ্ৰেপ্তাৰ কৰি মুম্বাই আৰক্ষীৰ হাতত গতাই দিয়ে। তেওঁক বাবা ছিদ্দিকীৰ হাই প্ৰফাইল হত্যাকাণ্ডত বিচাৰি থকা হৈছিল( 15th accused Sujit Sushil Singh arrested from Punjab’s Ludhiana)।

তেওঁ লগতে কয় যে, “সুজিত হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল আৰু নিতিন গৌতন (গৌতম) চাপ্ৰে নামৰ আন এজন অভিযুক্তই তেওঁক তিনি দিন পূৰ্বে বাবা ছিদ্দিকীক হত্যাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল । তেওঁ সা-সামগ্ৰী যোগান ধৰিও সহায় আগবঢ়াইছিল । তেওঁক অধিক তদন্তৰ বাবে মুম্বাই আৰক্ষীক গতাই দিয়া হৈছে ।”

উল্লেখ্য যে, ১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ খেৰ নগৰত তিনিজন লোকে গুলীয়াই হত্যা কৰিছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকী। এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক গুলীবিদ্ধ অৱস্থাত জৰুৰীকালীনভাৱে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎকে বহু চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে৷বুকুত দুটা গুলীৰ আঘাত পোৱা বুলি চিকিৎসালয়খনৰ চিকিৎসকে জানিবলৈ দিয়ে।

লগতে পঢ়ক :Assam Youth Goes Missing in Kerala: কৰ্মৰ সন্ধান বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ যুৱক