Assam Youth Goes Missing in Kerala: কৰ্মৰ সন্ধান বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ যুৱক
তিতাবৰ,১৬অক্টোবৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Goes Missing in Kerala)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক।কৰ্মৰ সন্ধান বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ যুৱক।
গোলাঘাট জিলাৰ মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱৰ চুনীল বৰা (৪২) নামৰ যুৱকনে বহি:ৰাজ্যলৈ কামৰ সন্ধানত গৈ নিৰুদ্দেশ।
পৰিয়ালৰ লোকৰ জানিবলৈ দিয়া অনুসৰি,ঘৰৰ আৰ্থিক অনাটনৰ বাবে যোৱা শুকুৰবাৰে ঘৰৰ পৰা কেৰেলাত কোম্পানীত কাম বিচাৰি স্থানীয় কেইজনমান যুৱকৰ লগত ফৰকাটিংৰ পৰা ৰেলেৰে যাত্ৰা কৰিছিল। গন্তব্য স্থান পোৱাৰ পূৰ্বে চুনীলে কেৰেলাৰ এটা ষ্টেচনত কিবা কাৰণত ৰেলৰ পৰা নামি যায়।কিছু সময়ৰ পিছতেই পুনৰ ৰেল চলিবলৈ ধৰে কিন্তু চুনীল ৰে’লৰো নাহে। চুনীল ওভতি নহাত লগৰ কেইজনে ফোনযোগে যোগাযোগ কৰে যদিও বিফল হয়।চুনীলৰ সঠিক সন্ধান নোপোৱাত লগৰকেইজন চিন্তিত হৈ পৰে। উপাইহীন হৈ লগৰকেইজনে চুনীলৰ পৰিয়ালক ঘটনা সন্দৰ্ভত ফোনযোগে অৱগত কৰে।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে খবৰ লাভ কৰাৰ লগে লগে মেৰাপানী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।