4 killed in house fire in Gurgaon : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪জনকৈ যুৱকৰ

নেশ্যনেল ডেস্ক,২৬অক্টোবৰ : হাৰিয়ানাৰ গুৰুগ্ৰামত শোকাৱহ ঘটনা।গুৰুগ্ৰাম সৰস্বতী এনক্লেভ জে ব্লকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(4 killed in house fire in Gurgaon)। গভীৰ নিশা শুই থকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ।
অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪জনকৈ যুৱকৰ।মৃত যুৱককেইজন মহম্মদ মুস্তাক (২৮), নূৰ আলম (২৭), চাহিল (২২), আৰু আমান (১৭)বুলি জানিব পৰা গৈছে ।মৃত যুৱককেইজনৰ দুগৰাকী যুৱকৰ ঘৰ বিহাৰত(4 Charred To Death As Fire Breaks Out At Gurugram House)।
নিহতসকলৰ এজন আত্মীয়ৰ মতে মুস্তাক আৰু আলমে গুৰুগ্ৰামৰ এটা কাপোৰৰ কাৰখানাত দৰ্জী হিচাপে কাম কৰি আছিল। একেটা অঞ্চলতে অধ্যয়ন কৰি থকা দশম শ্ৰেণীৰ ছাত্ৰ চাহিল তেওঁলোকৰ লগত আছিল।ছ’চাইটিৰ জে ব্লকৰ এটা ভাড়াঘৰত বাস কৰিছিল তেওঁলোক।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ । শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
লগতে পঢ়ক :Sensational incident: পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা স্বামীৰ বিৰুদ্ধে